কিতাপসমূহ

Cover সাৰাংশ উপলব্ধ প্ৰকাৰ
আল কোৰাণ আৰু কিতাবুল মোকদ্দছৰ মূল পাঠ্যৰ ইতিহাস
by জ়ন গীল খ্ৰাইস্ট´
PDF
ইছলাম আৰু মছীহি ধৰ্মত ঈছা আল-মছীহ
by জ়ন গীল খ্ৰাইস্ট´
এই কিতাবখন হৈছে আহম্মদ দীদাতে লিখা ´´Christ in Islam´´ৰ উত্তৰ। এয়া ঈছায়ী আৰু মুছলমান এজনে ঈছাৰ বিষয়ে জানিবলৈ তুলনামূলক অধ্যয়ণ। লিখকে ইয়াত এই বিষয়সমূহ বণৰ্না কৰিছেঃ কোৰাণ আৰু কিতাবুল মোকদ্দছত মৰিয়ম, কোৰাণত দিয়া ঈছাৰ উপাধিসমূহ, ঈছাৰ জন্মৰ প্ৰয়োজনীয়তা, মল্কীছেদক ৰূপে ঈছাৰ দ্বীতিয় আগমন, ঈছা অনন্তকাল জীৱিত আল্লাহৰ পুত্ৰ আৰু আন কিছু বিষয়সমূহ ইয়াত সাঙুৰা হৈছে।
PDF
ইন্জিল শ্বৰীফৰ সত্ততা কিদৰে জানিম।
by ইস্কান্দাৰ জাদীদ
এই কিতাবখনত ঈছায়ী ঈমানৰ দৰকাৰী ভিত্তি সম্পৰ্কে লেখকে সহজ সৰল ভাযাত ব্যক্ত কৰিছে। কিতাবুল মোকদ্দছৰ অভ্ৰান্ততা সম্পৰ্কেও ইয়াত আলোচনা কৰা হৈছে। ঈছা আল্লাহৰ পুত্ৰ হোৱাৰ কোৰান শ্বৰীফ ও কিতাবুল মোকদ্দছৰৰ আয়াতসমূহ, তেওঁৰ সলিৱী মওত আৰু তেওঁৰ বিষয়ে ভূল ধাৰণা থকা আন কিছুমান বিষয়ৰো বৰ্ণনা ইয়াত কৰা আছে।
PDF
খোদায়ে মোক অনন্ত জীৱন দিলে
by হাম্ৰান আম্বৰি
ইন্ডোনেছিয়াৰ এগৰাকী মুছলমানে কিদৰে ঈছাক কবুল কৰিছিল সেই অভিজ্ঞতা এই কিতাবখনত বণৰ্না কৰা হৈছে। প্ৰথমে তেওঁ ঈছায়ীসকলক সমালোচনা বা আক্ৰমণ কৰিছিল, কিন্তূ পাছলৈ তেওঁ নিজে কিতাবুল মোকদ্দছ অধ্যয়ণ কৰি পতিয়ন যায় যে কিতাবুল মোকদ্দছ আচলতে বিকৃত কৰা হোৱা নাই। তেওঁৰ বণৰ্নাত ঈছায়ী টান তত্বসমূহ যেনেঃ ঈছা আল্লাহৰ পুত্ৰ হোৱাৰ ৰহস্য, ঈছাৰ অলৌকিক ব্যক্তিত্ব, তেওঁৰ সলীৱি মওত আৰু পুনৰুত্থান, কিতাবুল মোকদ্দছৰ ত্ৰিত্ববাদ আৰু ইয়াৰ বিশ্বস্ততা সদায়েই প্ৰামানিক বুলি জানিব পৰা যায়।
PDF
জগতৰ পোহৰ
by জৰ্জ ফৰ্ড
চৌদী আৰৱৰ এগৰাকী সেইখ মুছলমানে ঈছায়ী ঈমানৰ ওপৰত কৰা কিছুমান প্ৰশ্নৰ সংগ্ৰহ ইয়াত উত্তৰ স্বৰুপে আলোচনা কৰা হৈছে। উত্তৰ সমূহ বেচ গ্ৰহনযোগ্যৰুপে, অকল কিতাবুল মোকদ্দছৰ পৰাই নহয়, কিন্ত ঐতিহাসিক সত্যতাৰ ভিত্তিত যুগুতোৱা হৈছে। ঈছায়ী ঈমানৰ মূল বিষয়সমূহ যেনেঃ পাক ত্ৰিত্ববাদ, ঈছাৰ সলিৱী মওঁত, গুণাহ ও তাৰ কাফ-ফাৰা, ঈছাৰ ঐশ্বৰীক সত্বা আৰু মওঁতক জয় কৰি তৃতীয় দিনা পুনৰুত্থিত হোৱা-এই সকলোবোৰ ইয়াত বিশদ আলোচনা কৰা হৈছে।
PDF
ত্ৰিত্ব পাকৰ মাজত আল্লাহ এক
by জখৰীয়া বুট্ৰাচ
লেখকে এই কিতাবখনত বৰ জটিল বিযয় কিছুমান খুব সহজ সৰল ভাযাত ব্যক্ত কৰিছেঃ পাক ত্ৰিত্ববাদত আল্লাহ এক, ত্ৰিত্ববাদৰ সমৰ্থনত কোৰান শ্বৰীফৰ সাক্ষ্যৰ আয়াতসমূহ, ত্ৰিতত্ববাদৰ বিভিন্ন নাম সমূহ, ত্ৰিত্ববাদৰ সমালোচনা থকা কোৰান শ্বৰীফৰ আয়াতসমূহ আৰু ইয়াৰ উজ্জল শুফলসমূহ।
PDF
ভগ্ন গৃহ
by গোলাম মছীহ নামান
পাকিস্থানৰ এগৰাকী মুছলমান ঈছাক কবুল কৰাৰ পাছত কি ধৰণৰ তাড়ণা সহন কৰিবলগীয়া হৈছিল-তাৰ এক জীৱন্ত অভিজ্ঞতা এই কিতাবখনত বণৰ্না কৰা হৈছে। লেখকৰ পুতেক ওবেদে ঈছাক কবুল কৰাত মৃত্যবৰণ কৰিবলগীয়া হৈছিল। ওবেদৰ কাহিনীৰ লগতে পুত্ৰ হেৰুৱাৰ পাছত কি ধণৰ মানসিক যন্ত্ৰনা সহন কৰিবলগীয়া হৈছিল-তাৰ বৰ্ণনাও ইয়াত আছে।
PDF
মই কিয় মছীহি হলো-
by ছুলতান মোহম্মদ পৌল
আফগানিস্থানৰ এগৰাকী মুছলমান ঈছাক কবুল কৰাৰ হুবহু কাহিনী ইয়াত বৰ্ণনা কৰা হৈছে। তেওঁ যি সমাজত ডাঙৰ দীঘল হৈছিল তাৰ তুলনাত এই নতুন সমাজে তেওঁৰ আত্মিক জীৱনত কি অধিক অৰিহনা যোগাইছিল-তাৰ এক জীৱন্ত অভিজ্ঞতা এই কিতাবখনত বণৰ্না কৰা হৈছে। ঈছায়ীসকলৰ লগত হোৱা তেওঁৰ যুক্তি তৰ্কৰ বৰ্ণনাও ইয়াত আছে। ঈছায়ী তত্ব বুজি পাই তেওঁ বৰ্ণনা কৰিছে কিদৰে তেওঁ বা আন সকলো মুছলমানেই ঈছা মছীহক কবুল কৰি নাজাত প্ৰাপ্ত হব পাৰে।
PDF
মছীহৰ সলীৱ মৃত্যুঃ এটি বাস্তৱ তথ্য, উপকথা নহয়।
by জ়ন গীল খ্ৰাইস্ট´
ঈছাৰ মওত সচাঁকৈয়ে সলিৱত হৈছিল নে? এয়া এক বৰ দৰকাৰী বিষয়, কিয়নো ঈছায়ী ঈমানৰ ভিত্তি হৈছে ঈছাৰ সলিৱী মওঁত আৰু মওঁতক জয় কৰি তৃতীয় দিনা পুনৰুত্থিত হোৱা। কিতাবুল মোকদ্দছত ইয়াৰ অভ্ৰান্ততা সম্পৰ্কে আলোচনা কৰা আছে। ঈছা চৰকাৰ বিৰোধী কোনো আন্দোলন কৰা নাছিল অথবা বিৰোধীৰ হাতত ধৰা পৰোতে নিজকে ৰক্ষা কৰিবলৈও কোনো পদক্ষেপ লোৱা নাছিল। অৱশ্যে বহুতে তেওঁৰ বিষয়ে বা ঈছায়ী ঈমানৰ ওপৰতো সন্দেহ পোষণ কৰে। এই সকলোৰে বিতং আলোচনা এই কিতাবত আছে।
PDF
মোৰ অনুগ্ৰহেই তোমালৈ জুৰিব।
by গোলাম মছীহ নামান
পাকিস্থানৰ এগৰাকী মুছলমানে ঈছাক কবুল কৰাৰ এক জীৱন্ত অভিজ্ঞতা এই কিতাবখনত বণৰ্না কৰা হৈছে। তেওঁ বাহিৰৰ আৰু আভ্যন্তৰিন বিভিন্ন তাড়ণা সহন কৰিও স-পৰিয়ালে আল্লাহৰ খেদমত কৰিছিল। তেওঁ এংলিকান জামাতত বিশপ হিচাবে অভিষিক্ত হৈছিল। তাতেই তেওঁ জীৱনৰ শেষ মূহুৰ্তলৈকে আল্লাহৰ সেৱা-পৰিচৰ্য্যা কৰিছিল।
PDF
সত্যৰ জয়
by ইস্কান্দাৰ জাদীদ
চৌদী আৰৱৰ এগৰাকী সেইখ মুছলমানে ঈছায়ী ঈমানৰ ওপৰত কৰা কিছুমান প্ৰশ্নৰ সংগ্ৰহ ইয়াত উত্তৰ স্বৰুপে আলোচনা কৰা হৈছে। উত্তৰ সমূহ বেচ গ্ৰহনযোগ্যৰুপে, অকল কিতাবুল মোকদ্দছৰ পৰাই নহয়, কিন্ত ঐতিহাসিক সত্যতাৰ ভিত্তিত যুগুতোৱা হৈছে। ঈছায়ী ঈমানৰ মূল বিষয়সমূহ যেনেঃ পাক ত্ৰিত্ববাদ, ঈছাৰ সলিৱী মওঁত, গুণাহ ও তাৰ কাফ-ফাৰা, ঈছাৰ ঐশ্বৰীক সত্বা আৰু মওঁতক জয় কৰি তৃতীয় দিনা পুনৰুত্থিত হোৱা-এই সকলোবোৰ ইয়াত বিশদ আলোচনা কৰা হৈছে।
PDF
সত্যৰ সন্ধানত
by কে.কে. আলাভী
আল্লাহে এগৰাকী ভাৰতীয় মুছলমানৰ জীৱনত কি উত্তমতা আনিছিল এই কিতাবত তাৰ হুবহু বৰ্ণনা আছে। লেখকে বৰ্ণনা কৰিছে আল্লাহে তেওঁক কিমান মোহাব্বত কৰি নাজাতৰ দুৱাৰ দেখুৱাইছিল। ঈছাক কবুল কৰাৰ পাছত মুছলমান সমাজৰ পৰা পোৱা তাড়ণাৰ কথাও তেওঁ উল্লেখ কৰিছে। লেখকে তেওঁৰ বণৰ্না শেষ কৰিছে এইদৰেঃ ``তুমি মোক বাছি লোৱা নাই, মইহে তোমাক ফল উদপাদন কৰিবলৈ বাছি লৈছো-ফল যি অনন্তকাল টিকি থাকে।``
PDF